Site icon Guwahati Times

বৃদ্ধাশ্ৰমত ৰাহুল গান্ধীৰ জন্মদিন পালন কংগ্ৰেছৰ

গুৱাহাটী,১৯ জুন : নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি,প্ৰাক্তন সাংসদ ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে আজি বিয়লি মহানগৰীৰ প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধা আৱাসত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিচাৰ বিভাগৰ উদ্যোগত “গীতে মাতে এসন্ধ্যা” শীৰ্ষক এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বিচাৰ বিভাগৰ অধ্যক্ষ ইমদাদ হুছেইনে সঞ্চালনা কৰা উক্ত অনুষ্ঠানত বিশিষ্ট অভিনেতা অতুল পাচনিয়ে স্বভাৱ সুলভ ৰসিকতাৰে উপস্থিত আবাসী তথা অভ্যাগতসকলক হাঁহিৰ খোৰাক যোগায়। বিশিষ্ট কণ্ঠশিল্পী হুমায়ুন চৌধুৰী আৰু দৃষ্টিহীন শিল্পী ছাহিদ আফ্ৰিদিয়ে কেইবাটিও গীত পৰিৱেশন কৰাৰ উপৰি কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেত্ৰী,”বিদেশত আপোন মানুহ”ৰ বাবে বিশেষভাৱে পৰিচিত ববিতা শৰ্মা,প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডঃ সঞ্জু বৰা আৰু বিচাৰ বিভাগৰ অধ্যক্ষ ইমদাদ হুছেইনে এটিকৈ গীত পৰিৱেশন কৰে। বাঁহী বাদন কৰে মদন শৰ্মাই। ভাষণ প্ৰদান কৰে প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মাই। অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে এটি ঘোষা পৰিৱেশন কৰি পৰিৱেশটোক গাম্ভীৰ্যতা প্ৰদান কৰে। এইসকলৰ উপৰি অনুষ্ঠানটোত অংশ লয় প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি গুণকান্ত গগৈ,সাধাৰণ সম্পাদক ৰামান্না বৰুৱা,মানস বৰা,সম্পাদক প্ৰফুল্ল কুমাৰ দাস,কৃদীপ বৰ্মন,মুস্তাক গোলাম ওছমানী,গীতালি দাস,মইনাজান বেগম,ছাহিল নাৱাজকে ধৰি বহু কেইগৰাকী কংগ্ৰেছ নেতা-কৰ্মীয়ে। উক্ত অনুষ্ঠানতে কিছু খাদ্য সামগ্ৰীও বিতৰণ কৰা হ’ব।

Press Release

Exit mobile version