Site icon Guwahati Times

সাহিত্য অকাডেমিৰ বিভিন্ন গুৰুত্বপূৰ্ণ শিতানৰ বঁটাপ্ৰাপকসকললৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অভিনন্দন

২০২৩ বৰ্ষৰ সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ আৰু সাহিত্য অকাডেমি বাল সাহিত্য পুৰস্কাৰ শিতানত অসমৰ ৫ গৰাকী যশস্বী সাহিত্যিকে ৰাজ্যখনৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে। এই বৰ্ষৰ সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ শিতানত অসমীয়া ভাষাত জিন্তু গীতাৰ্থ, নেপালী ভাষাত নেইনা অধিকাৰী আৰু বড়ো ভাষাত মাইনাওশ্ৰী দৈমাৰীয়ে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি সাহিত্য অকাডেমি বাল সাহিত্য পুৰস্কাৰ শিতানত অসমীয়া ভাষাত ৰথীন্দ্ৰনাথ গোস্বামী আৰু বড়ো ভাষাত প্ৰতিমা নন্দী নাৰ্জাৰীয়ে বঁটা লাভ কৰিবলৈ সক্ষম হয়। অসমৰ ভাষা আৰু সাহিত্যৰ জগতখনক সমৃদ্ধ কৰি সাহিত্য অকাডেমিৰ বিভিন্ন গুৰুত্বপূৰ্ণ শিতানৰ সন্মানীয় বঁটাৰে বিভূষিত প্ৰতিগৰাকী বঁটাপ্ৰাপকলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছে।

Exit mobile version