Site icon Guwahati Times

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰোফ চৌধুৰী আৰু পত্নীক

প্ৰাক্তন মন্ত্ৰীৰ বাসগৃহত বনকৰা শিশুক অকথ্য নিৰ্যাতন। হোজাইৰ প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰোফ চৌধুৰীৰ পত্নীয়ে তেওঁৰ সন্মুখতে বনকৰা শিশুক চলাইছিল নিৰ্যাতন।

চৌধুৰীৰ হোজাই গোপাল নগৰত থকা বাসগৃহত তেওঁৰ পত্নীয়ে চলাইছিল নিৰ্যাতন। সেই দৃশ্য সামাজিক তথা সংবাদ মাধ্যমত ভাইৰেল হৈছিল। নিৰৱ দৰ্শকৰ ভূমিকা পালন কৰি গৈছিল অগপৰ প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰোফ চৌধুৰীয়ে।

অৱশেষত শুকুৰবাৰে হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰোফ চৌধুৰী আৰু তেওঁৰ পত্নীক। উল্লেখ্য যে, উক্ত ঘটনাৰ বাবে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন হোজাই সমিতিয়ে ডবকা আৰক্ষীক জনাইছিল এক আবেদন। সংগঠনটোৱে আবেদনখনত উল্লেখ কৰিছিল যে অতি শীঘ্ৰেই দম্পতীৰ এই অপৰাধৰ বাবে আৰক্ষীক বিহিত ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছিল।

Exit mobile version