Site icon Guwahati Times

ASSU কেন্দ্ৰীয় সমিতিৰ সজাতিৰ দলে ৰাষ্ট্ৰপতি ধ্ৰুপদী মূৰ্ম্মূৰ নিমন্ত্ৰণ…

সদৌ চাওঁতাল ছাত্ৰ সন্থা (এছু)কেন্দ্ৰীয় সমিতিৰ এটা সজাতিৰ দলে ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি-শ্ৰীযুক্তা ধ্ৰুপদী মূৰ্ম্মূ ডাঙৰীয়ানীৰ নিমন্ত্ৰণ ক্ৰমে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অসম থকা চাওঁতাল জনগোষ্ঠী সকলোৰ জনজাতিকৰণ, যোৱা ২০২২ চনৰ ১৫ চেপ্তেম্বৰত অসমৰ পাঁচটা আদিবাসী যুদ্ধবিৰতি সংগঠন ক্ৰমে আকমা,আপা,বিছিএফ,এছটিএফ,আনলা সংঠনৰ লগত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত যি আদিবাসী শান্তি চুক্তি স্বাক্ষৰ হয় দফা সমূহ সফল ৰূপায়ণ হয়।

অসম বানপানী সমস্যা ৰাষ্ট্ৰীয় পৰ্য্যায়ত স্বীকৃতি কৰাৰ আৰু অসমৰ চাওঁতাল সকলৰ সাংবিধানিক অধিকাৰৰ বিষয়টোৰ লগতে অসমৰ ৰাইজৰ কিছুমান সমস্যাক লৈ এক গুৰুত্বপূৰ্ণ আলোচনা হয় এই আলোচনাত এছু কেন্দ্ৰীয় সমিতিৰ সভাপতি-মিন্টু হেমৰম, উপ-সভাপতি-ৰাজেশ টুডু, সাধাৰণ সম্পাদক-দীপাঙ্কৰ হেমৰম, সম্পাদক-বিমল চৰেন, মুখ্য সাংগঠনিক সম্পাদক-প্ৰবীন টুডু, এছু উপদেষ্টা নৰেন মাঝি(হেমৰম)। উপস্থিত থাকে।

Exit mobile version