Site icon Guwahati Times

টীয়ক নদীৰ বাঢ়নী পানীত বুৰিল টীয়কৰ বিস্তীৰ্ণ অঞ্চল

সমগ্ৰ ৰাজ্যতে বানৰ বিভীষিকাৰ মাজতে আজি টীয়ক নদীৰ বাঢ়নী পানীয়ে এক বিস্তৃত অঞ্চল বুৰাই পেলাইছে।টীয়কৰ হালোৱাপথাৰ আৰু খনিকৰ বাগিচাত টীয়ক নদীৰ বাঢ়নী পানীয়ে ভাঙিলে মথাউৰীৰ দুটা অংশত।যাৰ ফলত হঠাৎ অহা বাঢ়নী পানীত বলমা পথাৰ, পলাশবাৰী, কাঞ্চন চাপৰি, জামুগুৰি আদি বিস্তৃৰ্ণ অঞ্চল প্লাবিত হৈ পৰিছে।


ইতিমধ্যে জিলা প্ৰশাসনৰ হৈ টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌভিক ভূঞাই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি যাবতীয় ব্যৱস্থা গ্ৰহণ কৰি টীয়ক নদীৰ বাঢ়নী পানীৰ ফলত ছিগা মথাউৰীৰ দুটা অংশ নিৰ্মাণৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে।ইপিনে পাহাৰত বৰষুণ হোৱাৰ ফলত হৰ্থাৎ এইদৰে বাঢ়নী পানীয়ে মথাউৰীৰ দুটাকৈ অংশ ভাঙি পেলাইছে যদিও এই বাঢ়নী পানীৰ ফলত ৰাইজৰ বিশেষ অসুবিধা এই পৰ্যন্ত হোৱা নাই আৰু অনতি পলমে মথাউৰীৰ মেৰামতি কাম সম্পূৰ্ণ কৰা হব বুলি জানিবলৈ দিছে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে।

Exit mobile version