Site icon Guwahati Times

সেনাত যোগদান কৰিব ভোজপুৰী তাৰকা ৰবি কিষাণৰ কন্যাই

ভোজপুৰীৰ ছুপাৰষ্টাৰ তথা বিজেপি সাংসদ ৰবি কিষানৰ ২১ বছৰীয়া কন্যা ইশিতা শুক্লাই অতি শীঘ্ৰে ভাৰতীয় সেনাত যোগদান কৰিবলৈ ওলাইছে। এই খবৰ শুনি অভিনেতাগৰাকীৰ অনুৰাগীসকল আনন্দিত হৈ পৰে আৰু ছ’চিয়েল মিডিয়াত অভিনেতাগৰাকীক অভিনন্দন জনোৱা দেখা যায়।

অগ্নিপথ আঁচনিৰ অধীনত ইশিতাই যোগদান কৰিব সেনাত

দৰাচলতে চেলিব্ৰিটি ফটোগ্ৰাফাৰ ভেৰিন্দৰ চাওলাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ইশিতা শুক্লাই সেনাত যোগদান কৰাৰ বিষয়ে এটা পোষ্ট পোষ্ট কৰিছে। এই পোষ্টটোত তেওঁ লিখিছে – অগ্নিপথ আঁচনিৰ অধীনত ভোজপুৰী অভিনেতা ৰবি কিষণৰ ২১ বছৰীয়া কন্যা ইশিতা শুক্লাই প্ৰতিৰক্ষা বাহিনীত যোগদান কৰিব। এতিয়া ৰবি কিষাণৰ অনুৰাগী সকলে এই পোষ্টটোত অভিনেতাগৰাকীক ইয়াৰ বাবে শুভেচ্ছা জনাইছে।

ইশিতা শুক্লাই এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশ লৈছিল। ইয়াৰ বাবে ৰবি কিষানেও নিজৰ সুখ প্ৰকাশ কৰি টুইট কৰিছিল। য’ত তেওঁ লিখিছে যে মই মোৰ কন্যা ইশিতাক লৈ গৌৰৱান্বিত। ইশিতাই গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল। ইশিতাৰ বয়স মাত্ৰ ২১ বছৰ। যি এতিয়া সম্পূৰ্ণ দেশৰ সেৱা কৰিবলৈ সাজু।

Exit mobile version