Site icon Guwahati Times

শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ”জীৱনৰ স’তে” স্বনিয়োজন আৰু স্বাৱলম্বিতাৰ দিশে এখোজ এক অনুষ্ঠান…

শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ”জীৱনৰ স’তে” স্বনিয়োজন আৰু স্বাৱলম্বিতাৰ দিশে এখোজ এক অনুষ্ঠান অনুষ্ঠিত কৰে।

নাজিৰাৰ শিমলুগুৰিৰ শ্বহীদ ভৱনত শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ”জীৱনৰ স’তে”স্বনিয়োজন আৰু স্বাৱলম্বিতাৰ দিশে এখোজ এক অনুষ্ঠান ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰে।
আজি এই অনুষ্ঠানৰ আলোচনা চক্ৰত সমল ব্যক্তি হিচাবে উপস্থিত থাকে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যেতি বৰা।

এই আলোচনাচক্ৰৰ মূল বিষয় আছিল জীৱনৰ সৈতে স্বনিয়োজন আৰু স্বাৱলম্বিতাৰ দিশে এখোজ।

অনুষ্ঠানটোত সমল ব্যক্তি হিচাবে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যেতি বৰাই কেনেদৰে তেওঁৰ জীৱনত সফলতা লাভ কৰিছিল আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত কেনেদৰে সাফল্য লাভ কৰিব পাৰি তাৰ ওপৰত সূন্দৰ ভাৱে বক্তব্য আগবঢ়ায় শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যেতি বৰাই ।

উক্ত অনুষ্ঠানতো কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক আৰু ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
অনুষ্ঠানৰ শেষত আছু বিষয়ববীয়া মানব হাজৰিকাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে প্ৰত্যেক মাহতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজলৈ একো একোজন সমল ব্যক্তি অনাৰ চেষ্টা কৰি যাব।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।।

Exit mobile version