Site icon Guwahati Times

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিযুক্তি লাভ এগৰাকী অসম সন্তান উজ্জল ভূঞাৰ

Sri Ujjal Bhuyan

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে বুধবাৰে উচ্চ ন্যায়ালয়ৰ দুগৰাকী মুখ্য ন্যায়াধীশ ন্যায়াধীশ উজ্জল ভূঞা আৰু ন্যায়াধীশ এছ ভি ভাট্টীক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি দিয়াৰ পৰামৰ্শ আগবঢ়ায়। উচ্চতম ন্যায়ালয়ৰ চাৰিজনীয়া কলেজিয়ামে ন্যায়াধীশ ৰূপে দুয়োগৰাকীৰ নাম প্ৰস্তাৱ কৰে।

বৰ্তমান ন্যায়াধীশ ভূঞাই তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ বিপৰীতে ন্যায়াধীশ ভাট্টি কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

ন্যায়াধীশ ভূঞাৰ অভিভাৱক উচ্চ ন্যায়ালয় হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। ২০১১ চনৰ ১৭ অক্টোবৰত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁ অভিভাৱক উচ্চ ন্যায়ালয়খনৰ এগৰাকী জ্যেষ্ঠ ন্যায়াধীশ আছিল আৰু ২০২২ চনৰ ২৮ জুনৰ পৰা তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

কলেজিয়ামৰ প্ৰস্তাৱত উজ্জল ভূঞা সম্পৰ্কত কোৱা হৈছে, “ন্যায়াধীশ ভূঞাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে আৰু তেলেংগানা ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দীৰ্ঘদিনীয়া কাৰ্যকালত ন্যায়াধীশ ভূঞাই আইনৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অভিজ্ঞতা আহৰণ কৰিছে। তেওঁ কৰ আইনত বিশেষজ্ঞতা তথা জ্ঞানৰ দখল আহৰণ কৰিছে। তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপেও কাম কৰি আহিছে আৰু কৰ সংক্ৰান্তকে ধৰি বহুতো গোচৰৰ সৈতে মোকাবিলা কৰিছে।তেওঁৰ ৰায়দানসমূহে আইন আৰু ন্যায়ৰ সৈতে জড়িত বিস্তৃত বিষয়সমূহ সামৰি লৈছে। ন্যায়াধীশ উজ্জ্বল ভূঞা এগৰাকী সততা আৰু দক্ষতাৰ বাবে সুনাম থকা ন্যায়াধীশ।’’

ভূঞাই ১৯৬৪ চনৰ ২ আগষ্টত গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল। গুৱাহাটীৰ ডন বস্কো হাইস্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি গুৱাহাটীৰ কটন কলেজ, গুৱাহাটীৰ বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

Exit mobile version