Site icon Guwahati Times

নগাঁৱত পুনৰ জব্দ হৈছে ড্ৰাগছ..

শুক্ৰবাৰে প্ৰায় তিনি মান বজাত এক গোপন খবৰৰ ভিত্তিত নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে অভিযান চলাইছিল গৰৈমাৰীৰ ভকত গাওঁত।

আৰক্ষীয়ে গৰৈমাৰীৰ ভকত গাঁওৰ পৰা ১৪ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰ জব্দ কৰাৰ লগতে আটক কৰে বক্কৰ আলি নামৰ এটা সৰবৰাহকাৰীক।

হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষী বিষয়া জগদীশ কলিতাৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী বক্কৰ আলিক আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Exit mobile version