Site icon Guwahati Times

কাকজান নদী, পুঠি নদীৰ প্ৰবল বানত প্লাৱিত টীয়কৰ বিস্তীৰ্ণ অঞ্চল; দ গাৱঁত শিবিৰ স্থাপন

টীয়কৰ কাকজান নদীৰ বাঢ়নী পানীয়ে বুৰালে ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পানীত বুৰ যোৱা বাবে যাতায়তৰ ক্ষেত্ৰত যষ্ঠেষ্ট অসুবিধা সৃষ্টি হৈছে ।কাকজান , দ – গাঁও , দেৱান গাওঁৰ বহু আৱাসিক অঞ্চল বাঢ়নী পানীৰ কৱলত পৰিছে। নিশা পানী দ্ৰুত গতিত বাঢ়ি অহা বাবে SDRF বাঢ়িনীয়ে উদ্ধাৰ অভিযান চলাই কেইবাটাও পৰিয়ালক নিৰাপদ স্থানলৈ আনে। চক্ৰ বিষয়া দেৱাহুতি ডেকাৰ তৎপৰতাত বানপীড়িত লোকসকলক এটি শিৱিৰত ৰখা হৈছে। ইপিনে শিবিৰত খোৱা বোৱাৰ সু ব্যৱস্থা কৰিছে যদিও উক্ত অঞ্চলৰ খেতি পথাৰ তথা গৰু ছাগলী ,মৎস্য আদি পালকে জীৱিকা হিচাপে লোৱা পৰিয়ালসমূহে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।আনহাতে পুঠি নদীৰ বাঢ়নী পানীয়ে
ৰাজৈ আাখৈদিছা , বলমা দুৱাৰা গাঁও,মুদৈজান ভৰলুৱা গাঁও,মুদৈজান চাহ বাগিচা,নে-পাম গোহাঁই গাঁও, বুধুবাৰী, জামুগুৰি আদিকে ধৰি প্ৰায় পোন্ধৰখন গাঁও জলমগ্ন হৈ আছে। নষ্ট হৈছে খেতি, পানীৰ তলত বুৰ গৈছে কৃষকৰ কঠীয়া। পুঠি নদীৰ ৰিং বান্ধ ভঙাৰ বাবেই বাঢ়নী পানীয়ে অধিক ক্ষতিগ্ৰস্ত কৰিছে।

Exit mobile version