Site icon Guwahati Times

নিযুক্তিৰ নামত চৰকাৰৰ প্ৰতাৰণাৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান…

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিৰ সংবাদমেল। ৫১ হাজাৰ নহয়, মাত্ৰ ২০/২৫ হাজাৰ যুৱক-যুৱতীয়েহে নিযুক্তি পত্ৰ পাব ২৫ মে’ৰ নিযুক্তি মেলাত। এয়া অসমৰ ১৮ লাখ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ প্ৰতি চৰম প্ৰবঞ্চনা বুলি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে অভিহিত কৰিছে।

নিযুক্তিৰ ক্ষেত্ৰত যে চৰকাৰখনৰ মনোভাৱ বেপৰোৱা সেয়া যোৱা ১ মে’ত প্ৰদান কৰা এক ভাষণতেই প্ৰকাশ পাইছিল বুলি উল্লেখ কৰি এনেই নিৰ্বাচনৰ ভাষণত ১ লাখ চাকৰি দিম বুলি কৈছিল, আজি ১ লাখ চাকৰি প্ৰদানৰ বিষয়ত চৰকাৰে কেৱল সংখ্যাৰ খেল খেলিছে আৰু সস্তীয়া নিৰ্বাচনী লাভৰ বাবে লক্ষ লক্ষ যুৱক-যুৱতীক স্বজন-তোষণ আৰু বঞ্চনা কৰি অন্ধকাৰ ভবিষ্যতৰ মাজলৈ ঠেলি দিছে, সেয়া স্পষ্ট বুলি সংগঠন দুটিয়ে উল্লেখ কৰে।

Exit mobile version