Site icon Guwahati Times

অনিৰ্দিষ্ট কাললৈ কমলাবাৰী নিমাতি ফেৰী সেৱা বন্ধৰ ঘোষণা…

অনিৰ্দিষ্ট সময়ৰলৈকে কমলাবাৰী নিমাতি ফেৰী সেৱা বন্ধৰ ঘোষণা। ব্রহ্মপুত্রত জলস্তৰ বৃদ্ধিৰ বাবেই এই সিদ্ধান্ত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ। অফলামুখ নিমাতিৰ মাজত গুটীয়া ফেৰী সেৱা বন্ধৰ ঘোষণা কৰিছে বিভাগটোয়ে।

বাৰিষা আগমনৰ লগে লগে ৰাজ্যত নৈ-উপনৈ সমূহত বৃদ্ধি পাইছে জলস্তৰৰ পৰিমাণ। সমান্তৰালভাবে ব্রহ্মপুত্রৰো জলস্তৰ বৃদ্ধি পোৱাৰ বাবে দেখা দিছে ব্যাপক খহনীয়াই। তদুপৰি ৰাজ্যৰ বহু ঠাইক ইতিমধ্যেই ধুই গৈছে বাৰিষাৰ প্ৰথমজাক বৰষুণে।

বাৰিষাৰ বান গৈ ব্রহ্মপুত্রত পৰি জলস্তৰ বৃদ্ধি পোৱাৰ বাবে গুটীয়া ফেৰী চলাচলত বাধা আহি পৰিছে। যাৰ বাবে অনিৰ্দিষ্ট কাললৈ গুটীয়া ফেৰী বন্ধ কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে। বিভাগটোৰ মতে জলস্তৰ সুস্থিৰ হ’লেই পুনৰ আৰম্ভ কৰা হ’ব এই ফেৰী সেৱা। এই সময়চোৱাত কোনো কাৰণতে যাতে গুটীয়া ফেৰী ব্রহ্মপুত্রত চলাচলে নকৰে তাৰ বাবে নজৰ ৰাখিব বিভাগটোয়ে।

Exit mobile version