Site icon Guwahati Times

চাকৰি নিয়মীয়া হ’ব ৫০ শতাংশ অগ্নিবীৰৰঃ বয়সৰ ক্ষেত্ৰতো পাব ৰেহাই

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা বিভাগে বিগত বছৰত ‘অগ্নিপথ’ নামেৰে এক নতুন আঁচনি আৰম্ভ কৰিছিল। এই ‘অগ্নিপথ’ আঁচনিৰ আধাৰতে ভাৰতীয় সেনাত ‘অগ্নিবীৰ’ নামেৰে মাত্ৰ ৩ বছৰৰ বাবে অস্থায়ী সেনা নিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

অৱশ্যে কেন্দ্ৰীয় প্ৰতিৰক্ষা বাহিনীৰ এই নতুন নীতিৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ হৈছিল। এতিয়াও অৱশ্যে ‘অগ্নিবীৰ’ক লৈ অসন্তুষ্ট হৈ আছে ভাৰতীয় সেনাত যোগদান কৰাৰ আগ্ৰহেৰে প্ৰস্তুতি চলাই থকা লাখ লাখ নিবুনুৱা।

অৱশ্যে তাৰ মাজতে আহিছে এক ভাল খবৰ। চৰকাৰী সূত্ৰত প্ৰকাশিত খবৰ অনুসৰিয়েই ‘অগ্নিবীৰ’ আঁচনিৰে ভাৰতীয় সেনাত যোগদান কৰাসকলৰ ২৫ শতাংশৰ চাকৰি পূৰ্বে নিয়মীয়া কৰা হ’ব বুলি কোৱা হৈছিল যদিও এতিয়া সেই সংখ্যা বৃদ্ধি কৰা হৈছে।

জানিব পৰা মতে ভাৰতীয় সেনাত যোগদান কৰা ৫০ শতাংশ ‘অগ্নিবীৰ’ৰ চাকৰি নিয়মীয়া কৰিব প্ৰতিৰক্ষা বিভাগে। অন্য ৫০ শতাংশই অৱশ্যে নিৰ্ধাৰিত ৩ বছৰ সেৱা আগবঢ়াই ভাৰতীয় সেনা ত্যাগ কৰিব লাগিব।

কেৱল সেয়াই নহয় ‘অগ্নিবীৰ’ৰ ক্ষেত্ৰত বয়সৰ উচ্চতম সীমাও বৃদ্ধি কৰাৰ পৰিকল্পনা প্ৰস্তত কৰা হৈছে। আগন্তুক সময়ত ‘অগ্নিবীৰ’ত ২৩ বছৰীয়া যুৱকেও যোগদান কৰিব পাৰিব।

Exit mobile version