ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৰাজ্যিক কেবিনেটৰ নতুন আঁচনি ‘সুগমৰ পৰা দুৰ্গম’।এতিয়াৰে পৰা চৰকাৰী চাকৰিয়ালে একোটা কাৰ্যকালৰ ভিতৰত এটা দুৰ্গম অঞ্চলত আগবঢ়াব লাগিব সেৱা। তিনিৰ পৰা পাঁচবছৰলৈ একোটা দুৰ্গম অঞ্চলত চাকৰি কৰাটো বাধ্যতামূলক হ’ব চৰকাৰী কৰ্মচাৰীৰ বাবে। সকলো চাকৰিয়ালে যাতে দুৰ্গম অঞ্চললৈ গৈ জনতাৰ বাবে কাম কৰিব পাৰে সেই উদ্দেশ্যৰে লোৱা হৈছে সুগমৰ পৰা দুৰ্গম আঁচনি।
এতিয়াৰে পৰা ৰাজ্যৰ চৰকাৰী চাকৰিয়াসকলে একোটা কাৰ্যকালৰ ভিতৰত এটা দুৰ্গম অঞ্চলত আগবঢ়াব লাগিব সেৱা

