Site icon Guwahati Times

চন্দ্ৰযান-৩ অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণ পৰিচালনা কৰিব এগৰাকী অসমীয়াই

ভাৰতৰ তৃতীয়টো চন্দ্ৰ অভিযানৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ( ইছৰ’)। অহা ১৪ জুলাইত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ’ব চন্দ্ৰযান-৩খন। পিছে এই অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণ পৰিচালনা কৰিব এজন অসমীয়া অভিযান্ত্রিক বিজ্ঞানীয়ে।

তেওঁ হ’ল অভিযান্ত্রিক বিজ্ঞানী চয়ন দত্ত। দত্তই বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য মুহূৰ্তৰ সূচনা কৰিবলগীয়া চন্দ্ৰযান-৩ অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণ পৰিচালনা কৰিব ।

তেওঁক এই ব্যৱস্থাৰ উপ-সঞ্চালক হিচাপে ইতিমধ্যে নিয়োগ কৰা হৈছে ৷ উল্লেখযোগ্য যে, বিজ্ঞানী দত্ত হৈছে উত্তৰ লখিমপুৰ নগৰৰ সন্তান।

মহাকাশ বিভাগৰ ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰত বিজ্ঞানী,অভিযন্তা হিচাপে কৰ্মৰত তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্রনিক্স আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ প্ৰাক্তন ছাত্ৰ। দত্তৰ ওপৰত ন্যস্ত হৈছে “অন বর্ড কমাণ্ড টেলিমেট্রি, ডাটা হেণ্ডলিং এণ্ড ষ্ট’ৰেজ চিষ্টেম লেণ্ডাৰ, চন্দ্ৰযান-৩” ৰ উপ প্রকল্প সঞ্চালকৰ দায়িত্ব।

Exit mobile version