Site icon Guwahati Times

পথত ভুঁই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ

নগাঁও আৰু পশ্চিম কাৰ্বিআংলং জিলাৰ সীমামূৰীয়া- এলেকা কচুৱাৰ লুটুমাৰীৰ পাঁচশ এক জাজৰীত বন বিভাগ আৰু জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজে শুকুৰবাৰে পথত ভুঁই ৰুই এক প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে অতি ব্যস্ত পথটো বিগত কিছুদিন বৰষুন দিয়াৰ ফলত একাঁঠু পৰ্যন্ত বোকা হোৱাত পথটোৰে গাড়ী -মটৰ চলাচল কৰাত ব্যপাক সমস্যাত পৰিছে।

পথটোৰ কাষতে এটা অংগণৱাড়ী কেন্দ্ৰ থকাত কণ কণ শিশু সকল কেন্দ্ৰটোলৈ অহা যোৱা কৰাত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে।ৰাইজৰ অভিযোগ পথটোৰে শিল – বালি কঢ়িয়াই নিয়া অতি গধুৰ যান বাহনবোৰ পাৰ হৈ যোৱা পথটো অতিকে বোকাময় হৈ পৰিছে।যাৰ বাবে ৰাইজে বালি কঢ়িয়াবলৈ অনা বাহন বন্ধ কৰি দিয়াৰ লগতে বনকৰ্মীক আৱদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আনফালে স্থানীয় মহিলা সকলে পথৰ ওপৰতে ভুঁই ৰুই ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাস আৰু নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে।স্থানীয় পুৰুষ মহিলা সকলে বিভিন্ন ধৰণৰ চৰকাৰ বিৰুদ্ধে শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

Exit mobile version