Site icon Guwahati Times

ভুল চিকিৎ‍সাৰ বলি হৈ ৯ মহীয়া শিশুৰ মৃত্যু

এটি শিশুৰ মৃত্যুৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে কৰিমগঞ্জত। ব্যক্তিগত হাস্পতালৰ চিকিৎ‍সাৰ ভুলৰ বাবেই মৃত্যুৰ অভিযোগ পৰিয়ালৰলোকৰ। শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা।

মৃত্যু হোৱা শিশুটি বাজাৰিছড়া এলেকাৰ কিশোৰ কুমাৰ পালৰ ৯ মহীয়া কন্যা। অসুস্থতাৰ বাবে শিশুটিক ভৰ্তি কৰোৱা হৈছিল লাইফ লাইন নামৰ হাস্পতালখনত। শিশুটিৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত SMCHলৈ প্রেৰণ কৰে চিকিৎ‍সকে।

কিন্তু শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় শিশুটিৰ। ইয়াৰে পিছতে শিশুটিৰ পৰিয়ালে জবাবদিহি কৰে লাইফ লাইন হাস্পতালৰ চিকিৎ‍সকক আৰু মৃত্যুৰ কাৰণ বিচাৰে।

ইয়াকে লৈ দুই পক্ষৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ আৰু পিছত দুই পক্ষই পৃথকে পৃথকে গোচৰ ৰুজু কৰে।

শিশুটিৰ মাতৃয়ে জনাই যে শিশুটি ডায়েৰিয়াত আক্ৰান্ত হৈছিল। তাৰ পাছতে চিকিৎসালয়লৈ লৈ আনিছিল আৰু চিকিৎসকে ঔষধ দিছিল। কিন্তু স্বাস্থ্যৰ উন্নতি হোৱা নাছিল শিশুটিৰ। আনহাতে চিকিৎসকে কৈছিল এনে হোৱাতো স্বাভাৱিক, ভাল হৈ যাব।

লগতে তেওঁ কয় যে,চিকিৎসকে শিশুটিক নিশা এটা বেজী দিছিল আৰু তাৰপাছতে শিশুটি কান্দিবলৈ আৰম্ভ কৰিছিল লগতে কঁপিছিল। শিশুটিৰ এনে অৱস্থা দেখি পৰিয়ালৰলোকে শিলচৰ মেডেকিল কলেজ হস্পাতাললৈ লৈ গৈছিল য’ত শিশুটিৰ মৃত্য়ু হৈছিল।

ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Exit mobile version