Site icon Guwahati Times

বন্ধ নহয় BVFCLৰ সাৰ উদ্যোগ…

মঙলবাৰে এই কথা জনালে কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডবিয়াই। তেওঁ কয় এই উদ্যোগটো আধুনিকীকৰণ কৰা হ’ব। ইয়াৰোপৰি ইয়াত স্থানীয় লোকসকলে কৰ্মসংস্থাপন লাভ কৰিব।
এই উদ্যোগত উৎপাদিত হ’ব ইউৰিয়া আৰু নেন’ ইউৰিয়া। লগতে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ইয়াৰ দ্বাৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকল ইয়াৰ পৰা লভৱান হ’ব। উল্লেখ্য যে, BVFCLৰ সাৰ উদ্যোগ বন্ধ কৰাক কেন্দ্ৰ কৰি নামৰূপত সৃষ্টি হৈছিল বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী।
বিভিন্ন দল-সংগঠনে অৱ্যহত ৰাখিছিল প্ৰতিবাদ। আন আন সংগঠনসমূহৰ দৰে মঙলবাৰেও আছুৰ উদ্যোগত গঢ়ি উঠিছিল তীব্ৰ প্ৰতিবাদ। অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডবিয়াই উল্লেখ কৰে যে, বন্ধ নহয় BVFCLৰ সাৰ উদ্যোগ।

Exit mobile version