Site icon Guwahati Times

আশিহাৰা কেৰাটে স্কুলৰ বিশেষ সাফল্য
নাজিৰাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে

নাজিৰাৰ কেইগৰাকীমান প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীয়ে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ প্ৰদেশৰ নয়দাত অনুষ্ঠিত হোৱা কেৰাটে প্ৰতিযোগিতাত সোণৰ আৰু ছিলভাৰ পদক অৰ্জন কৰি অসমৰ লগতে নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনিছে। ইফতাজ ৰবানি আহমেদ, ইফটিকাৰ ৰবানি আহমেদ, আকাংশা সন্দিকৈয়ে তিনিটাকৈ সোণৰ পদক আৰু মায়াশ্ৰী ফাৰজান, ইন্দ্ৰানী সন্দিকৈ দুটাকৈ ছিলভাৰ পদকেৰে নাজিৰা অঞ্চলৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ছাত্ৰ-ছাত্ৰী সকলৰ এনে সাফল্যই এতিয়া স্বাভাৱিকতে সুখৰ বন্যা কঢ়িয়াই আনিছে পৰিয়ালৰ লগতে আশিহাৰা কেৰাটা স্কুললৈ।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

Exit mobile version