Site icon Guwahati Times

সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,৩০জুলাই :–সদৌ নগাঁও জিলা ছাত্র সন্থাৰ উদ্যোগত,নগাঁও মহকুমা ছাত্ৰ সন্থাৰ সহযোগত আৰু নগাঁও সদৰ আঞ্চলিক ছাত্র সন্থাৰ ব্যৱস্থাপনাত শনিবাৰে জিলাখনৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাবৰ বাবে এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় । নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁৱৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী ছাত্র-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয় ।


জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনি উদ্বোধন কৰে অসম উন্নতি সভাৰ উপ সভাপতি অমৰজিৎ গোস্বামীয়ে । সভাত নিদিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক অৰিন্দম বৰকটকীয়ে কয় যে ছাত্র-ছাত্ৰীসকলৰ এক সুনিৰ্দিষ্ট লক্ষ্য থকা উচিত । সফলতা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে সফলতাৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব লাগিব তেতিয়াহে তেওঁলোকে সমাজত নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব । বৰকটকীয়ে লগতে কয় যে অধ্যয়নত মাতৃভাষাত গুৰুত্ব দিব লাগিবই,লগে লগে ইংৰাজীও শিকিব লাগিব । সভাত সদৌ অসম ছাত্র সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি কয় যে ছাত্ৰ-ছাত্ৰীসকলে সপোন দেখিব লাগিব আৰু সেই সপোনক সাকাৰ ৰূপ দিবৰ বাবে ছাত্র-ছাত্ৰীসকলে সততা,নিষ্ঠা আৰু একাগ্ৰতাৰে অধ্যয়ন কৰিব লাগিব। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ উত্তৰণৰ বাবে ছাত্র সন্থাই কাম কৰি অহাৰ কথা উল্লেখ কৰি বেজবৰুৱাই কয় যে সফলতা লাভ কৰা একাংশ কৃতী ছাত্র-ছাত্ৰী কেতিয়াবা সমাজৰ পৰা হেৰাই যায় । জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক কংকনজ্যোতি বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মৃদুল হাজৰিকা, ৰাজ্যিক কাৰ্যনিৰ্বাহ সদস্য গৌৰী শংকৰ শইকীয়া,অসম উন্নতি সভাৰ দেৱজিৎ বৰা,জিলা ছাত্র সন্থাৰ শিক্ষা সম্পাদিকা পংখী কলিতা,নগাঁও মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিস্মান বৰুৱা, সাধাৰণ সম্পাদক ৰুবুল কাকতি, নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি কাকতি, সাধাৰণ সম্পাদক দুলাল শৰ্মা আৰু শিক্ষা সম্পাদক বিজিত কুমাৰ শইকীয়া উপস্থিত থাকে । সভাত জিলাখনৰ শতাধিক কৃতী ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাখনো শিক্ষানুষ্ঠানৰ মুৰব্বীক সম্বৰ্ধনা জনোৱা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version