Site icon Guwahati Times

NEEPCOৰ সতৰ্কবাণী: যিকোনো মুহূৰ্ততে এৰিব পাৰে পানী

NEEPCOয়ে জাৰি কৰিছে জৰুৰী সতৰ্কবাণী! যিকোনো মুহূৰ্ততে এৰিব পাৰে পানী, গোলাঘাট প্ৰশাসনক সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান…

যিকোনো সময়তে মুকলি কৰি দিব এই জলবিদ্যুৎ প্ৰকল্পৰ পানী। NEEPCOৰ জাননীত আতংকিত হৈ পৰিছে সাধাৰণ জনতা। জাননীত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী মুকলি সন্দৰ্ভত সতৰ্কবাণী দিছে। এখন জাননী যোগে NEEPCOয়ে প্ৰকাশ কৰিছে এই খবৰ।

উল্লেখযোগ্য যে, যদি NEEPCOয়ে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী মুকলি কৰি দিয়ে তেন্তে দৈয়াং, ধনশিৰি নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। জাননীত স্পষ্টভাৱে উল্লেখ কৰিছে যে যিকোনো সময়তে মুকলি কৰি দিব পাৰে পানী।

গুৰুত্বপূৰ্ণভাৱে দৈয়াং প্ৰকল্পৰ পানীয়ে ৩২১ মিটাৰ অতিক্ৰম কৰিলেই বিপদ হয়। প্ৰকল্পটোত ইতিমধ্যে ৩১৯.৭০ মিটাৰ পানী মজুত আছে। গোলাঘাট প্ৰশাসনক সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে।

Exit mobile version