Site icon Guwahati Times

পুনৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ! স্মৃতি ইৰাণীক ‘ফ্লাইিং কি’ছ দিয়াৰ অভিযোগ ৰাহুল গান্ধীৰ বিৰুদ্ধে

মঙলবাৰে সদনত ভাষণ প্ৰদান কৰি মোডী চৰকাৰক কঠোৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে। ইয়াৰ মাজতে কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে শাসকীয় পক্ষৰ একাংশ সংসদে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ।

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কয়ে অনাস্থা প্ৰস্তাৱৰ ভাষণ শেষ কৰি সদনৰ পৰা বাহিৰলৈ অহাৰ সময়ত ৰাহুল গান্ধীয়ে ‘ফ্লাইং কিছ’ দিছে। ৰাহুল গান্ধীক আক্ৰমণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে,”কেৱল এগৰাকী মহিলা বিৰোধী ব্যক্তিয়েহে সংসদত ফ্লাইং কিছ দিব পাৰে। ৰাহুল গান্ধীৰ এই অভাৱত মৰ্যদাৰ অভাৱ আছিল বুলি তেওঁ কয়।

তেওঁ কয় যে, ইয়াৰ পূৰ্বে সংসদত কেতিয়াও কাৰো পৰা মহিলা বিৰোধী এনে ব্যৱহাৰ স্পষ্টভাৱে পোহৰলৈ অহা নাছিল। লোকসভাত মহিলাক সুৰক্ষা প্ৰদান কৰাৰ বাবে আইন তৈয়াৰ কৰা হয়। সেই লোকসভাতেই আজি এজন পুৰুষৰ বিদ্বেষৰ সাক্ষী।

এই সন্দৰ্ভত বিজেপিৰ একাংশ সাংসদে ৰাহুল গান্ধীৰ বিৰুদ্ধে মহিলাৰ বিৰুদ্ধে কৰা আচৰণৰ অভিযোগ উত্থাপন কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্ৰ প্ৰেৰণ কৰিছে। লগতে অতি শীঘ্ৰেই তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী কৰিছে।

কিন্তু এই সকলো অভিযোগ খণ্ডন কৰি কংগ্ৰেছে কয় যে, ৰাহুল গান্ধীয়ে শাসকীয় পক্ষৰ বেঞ্চৰ পিনে আঙুলি টোৱাইছিল। কোনো মন্ত্ৰী বা ব্যক্তিক উদ্দেশ্য কৰি একো কোৱা নাই।

কংগ্ৰেছ নেতা এগৰাকীয়ে কৈছে যে, ৰাহুল গান্ধীয়ে বাহিৰলৈ অহা সময়ত শাসকীয় দলৰ বেঞ্চলৈ আঙুলিয়াই তেওঁলোকক ফ্লাইং কিছ কৰি ভাই-ভনী বুলি সম্বোধন কৰিছিল। এয়া কোনো নিৰ্দিষ্ট মন্ত্ৰী বা সংসদক লৈ নাছিল, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীলৈ মুঠেও নহয়।

Exit mobile version