Site icon Guwahati Times

অৱশেষত নগাৰ কবলৰ পৰা উদ্ধাৰ হ’ল মেৰাপানীৰ তৰাণি ইন্দ্ৰপুৰৰ পৰা অপহৃত যুৱক বাবু গগৈ

মঙ্গলবাৰে বিয়লি নিজৰ পোহনীয়া পশুধন বিছাৰিবলৈ গৈ চুবুৰীয়াৰে নগালোকেৰে তৰ্কতৰ্কিত লিপ্ত হৈছিল বাবু গগৈ ।

কিয়নো হেৰুৱা পশুধন কেইটা নগালোকে ধৰি নিয়াৰ তথ্য লাভ কৰিছিল বাবু গগৈয়ে ।

ইয়াৰ পাছতে নাগালেণ্ডৰ ভাণ্ডাৰী আৰক্ষী মাতি আনি ঘৰৰ সমীপৰ পৰা মাৰপিট কৰি বলপূৰ্বক গাড়ীত উঠাই অজ্ঞাত স্থানলৈ লৈ গৈছিল বাবু গগৈক ।

এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পাছতেই স্থানীয় ৰাইজ, চি আৰ পি এফ আৰু মেৰাপানী আৰক্ষীয়ে নগা আৰক্ষীক যুৱকজনক উদ্ধাৰৰ বাবে তীব্ৰ হেঁচা প্ৰয়োগ কৰাত যুৱকজনক মেৰাপানীস্থিত চি আৰ পি এফৰ শিবিৰত গতাই দিয়ে ।

ঘটনাৰ সন্দৰ্ভত বাবু গগৈক নগা আৰক্ষীয়ে মাৰপিট কৰি দুৰ্ব্যৱহাৰ কৰাৰ লগতে তেওঁলোকে বসবাস কৰি থকা মাটিখিনিৰ নাগালেণ্ডৰ বুলিহে ভাবুকি দিয়ে ।

ইফালে মেৰাপানী সীমান্তত সংঘটিত এই ঘটনাৰ পাছতেই চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত ।

Exit mobile version