Site icon Guwahati Times

শিশুক যৌন নির্যাতন চলোৱা ভয়াৱহ ঘটনা..

মহানগৰীৰ হাতীগাঁৱত দুটি শিশুক যৌন নির্যাতন চলোৱা এক ভয়াৱহ ঘটনা পোহৰলৈ আহিছে। একেটা চৌহদতে ভাৰাতীয়া হিচাপে থকাৰ সুযোগ লৈ দুটি শিশুক শুকুৰ আলীয়ে প্রায় এমাহ ধৰি যৌন নির্যাতন চলাই আহিছিল। শিশু দুটিৰ মাতৃয়ে এই কথা জানিব পাৰি হাতীগাঁও থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অভিযুক্ত শুকুৰ আলীক গ্রেপ্তাৰ কৰে। পেচাত কাঠমিস্ত্ৰী শুকুৰে আৰক্ষীৰ জেৰাত যৌন নির্যাতন চলোৱাৰ কথা স্বীকাৰ কৰে৷

Exit mobile version