Site icon Guwahati Times

দেৰগাঁৱত দ’ পুখুৰীত পৰি সলিল সমাধি ঘটিল যুৱকৰ

মঙলবাৰে পুৱাই দেৰগাঁৱৰ সমীপৱৰ্তী বৰুৱাগাঁৱৰ কাকতি চুকত সংঘটিত হয় এক কৰুণ ঘটনা । দ’ পুখুৰীত পৰি সলিল সমাধি ঘটিল অনুপম ভৰালী নামৰ এজন যুৱকৰ।

প্ৰতক্ষ্যদৰ্শীয়ে জানিবলৈ দিয়া মতে প্ৰতিদিনা যোৱাৰ দৰেই মঙলবাৰে পুৱাও যুৱকজনে ঘৰৰ নাতিদুৰৈৰ হাবিৰ মাজত থকা নিজৰ প্ৰকাণ্ড পুখুৰীটোত মাছৰ দানা দিবলৈ গৈছিল। হাতত আছিল এটা বৰশী। জনশুন্য পুখুৰীটোত হঠাতে পিছলি পৰি যায় যুৱকজন।

পুখুৰীটোৰ কিছু দুৰত কঠিয়া তুলি থকা এগৰাকী মহিলাই দৃশ্যটো প্ৰতক্ষ্য কৰি হুলস্থূল কৰাত স্থানীয় লোক উপস্থিত হৈ উদ্ধাৰ কৰে যুৱক জনক। অজ্ঞান অৱস্থাত থকা যুৱকজনক ততাতৈয়াকৈ স্থানীয় লোকৰ তৎপৰতাত দেৰগাঁৱৰ সামুহিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে যুৱকজনক।

Exit mobile version