Site icon Guwahati Times

বাক্সালৈ গৌৰৱঃ সৌন্দর্য প্রতিযোগিতাত উজ্জ্বলিল বাক্সাৰ খুছী কাশ্যপ

🔹বাক্সালৈ গৌৰৱঃ সৌন্দর্য প্রতিযোগিতাত উজ্জ্বলিল বাক্সাৰ খুছী কাশ্যপ

🔹মহানগৰীৰ শিল্পগ্রামত অনুষ্ঠিত হোৱা বি.এম স্কোৱাৰ প্ৰডাকচনৰ অধীনত পাৰ্ফেক্ট গ্লেম বিউটি পেজেন্ট ছিজন-৫ শীৰ্ষক সৌন্দর্য প্রতিযোগিতাত অসমৰ ভিন্ন প্রান্তৰ মডেলসকলে অংশগ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাত বাক্সা জিলাৰ সাদেৰীৰ খুছী কাশ্যপে ‘কিড-বি’ত অংশগ্রহণ কৰি খিতাপ অর্জন কৰিবলৈ সক্ষম হয়।

🔹উক্ত প্রতিযোগিতাত ৰানাৰ্ছ আপ হ’বলৈ সক্ষম হোৱা খুছীক লৈ উৎফুল্লিত হৈ পৰিছে তেওঁৰ পৰিয়াল তথা অঞ্চলবাসী। বাক্সা জিলাৰ ভিতৰুৱা গাঁও সাদেৰীৰ পৰা গৈ খিতাপ আজুৰি আনিবলৈ সক্ষম হোৱা খুছী কাশ্যপক অভিনন্দন জ্ঞাপন কৰিছে স্থানীয় ক্লাব, সংস্থা, সংগঠনে আদিয়ে।

🔹উল্লেখ্য যে, বাক্সা জিলাৰ অন্তৰ্গত সাদেৰীৰ সনাতন দাস আৰু লেখিকা বৰষা কাশ্যপৰ কন্যা খুছী কাশ্যপৰ ভৱিষ্যতে এগৰাকী ভাল মডেল অথবা অভিনেত্রী হোৱাৰ মন।

Exit mobile version