Site icon Guwahati Times

ধলাইৰ হাওয়াইথাং মাদ্ৰাছাত ছাত্ৰৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল

ধলাইৰ হাওয়াইথাং মাদ্ৰাছাত ছাত্ৰৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল। প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে ছাত্ৰ ৰজিমুল হুছেইন লস্কৰক হত্যা। ডিঙি কাটি হত্যা কৰিছিল মাদ্ৰাছাৰ শিক্ষক হাফিজ মউচিন ৰহমানে। আৰক্ষীৰ তদন্তত পোহৰলৈ এই ভয়ংকৰ তথ্য। আৰক্ষীৰ কেইবা ঘণ্টা জেৰাৰ অন্তত চাঞ্চল্যকৰ স্বীকাৰোক্তি হাফিজ ৰহমানৰ।কিছুদিন পূৰ্বে মাদ্ৰাছাৰ পৰা পলাই গৈছিল ৰজিমুল হুছেইন। পলাই যোৱাৰ অভিযোগত নিৰ্মমভাৱে মাৰপিট কৰিছিল শিক্ষক হাফিজে। ঘটনাক লৈ অনুষ্ঠিত হৈছিল এখন বিচাৰ সভা। বিচাৰসভাত ৰজিমুলৰ অভিভাৱকৰ ওচৰত ক্ষমা বিচাৰিছিল শিক্ষকজনে। ৰাজহুৱা ক্ষমা বিচৰাৰ প্ৰতিশোধত ডিঙি কাটি ৰজিমুলক হত্যাৰ কৰাৰ স্বীকাৰোক্তি।

Exit mobile version