Site icon Guwahati Times

লখিমপুৰত আৰক্ষীৰ গুলীচালনা; গুলীবিদ্ধ আনাৰুল ইছলাম

লখিমপুৰত আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ আনাৰুল ইছলাম নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী। বঙালমৰাৰ ২নং ইছলামপুৰত এই ঘটনা। ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত ধৃত আনাৰুল। ককায়েক ছাদ্দাম হুছেইনৰ সন্ধানত আৰক্ষীয়ে চলাইছিল অভিযান। আনাৰুলক লগত লৈ আৰক্ষীয়ে চলাইছিল এই অভিযান। অভিযানৰ সময়ত পলায়নৰ চেষ্টা কৰিছিল আনাৰুলে। আঘাতপ্ৰাপ্ত আনাৰুল সম্প্ৰতি চিকিৎসাধীন। কিছুদিন পূৰ্বে ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল আনাৰুল।

Exit mobile version