Site icon Guwahati Times

বিহাৰৰ অৰৰিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড

বিহাৰৰ অৰৰিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে বাতৰি কাকতত কৰ্মৰত সাংবাদিকক বিমল কুমাৰ যাদৱক। জানিব পৰা মতে ১৮ আগষ্টৰ পুৱাৰ নিজ বাসগৃহতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে সাংবাদিকগৰাকীক। দুৰ্বৃত্তই বিমল যাদৱক টোপনিৰ পৰা জগাই গুলীচালনা কৰে। যাৰ ফলত থিতাতে নিহত হয় বিমল যাদৱ।সাংবাদিক গৰাকীৰ বুকুত গুলীয়াই দুৰ্বৃত্তই।এই ঘটনাৰ পাছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ইতিমধ্যে বিমলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version