ডুৰাণ্ড কাপত অঘটন। কোকৰাঝাৰত অনুষ্ঠিত হোৱা এখন মেচত দৰ্শকৰ চূড়ান্ত উদ্ভণ্ডালি।মেচৰ মাজতে খেলপথাৰলৈ দলিয়ালে পানী বটল, চকী আদি। ডুৰাণ্ড কাপৰ এখন মেচ বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল কোকৰাঝাৰৰ ছাইৰ খেলপথাৰত। প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা বড়োলেণ্ড এফ চিয়ে এই মেচখনত ইণ্ডিয়ান আৰ্মী এফ চিৰ বিৰুদ্ধে খেলিছিল।মেচখনত বড়োলেণ্ড এফ চি ইণ্ডিয়ান আৰ্মীৰ হাতত ১-২ ব্যৱধানত পৰাস্ত হয়।মেচখনৰ আৰম্ভণিৰে পৰা বড়োলেণ্ড এফ চি পিছপৰি থকাৰ বিপৰীতে ইণ্ডিয়ান আৰ্মী আগবাঢ়ি আছিল। তাৰ মাজতে মেচখনত বড়োলেণ্ড এফ চি ০-১ গ’লত পিছ পৰাৰ পাছতে দৰ্শকে সৃষ্টি কৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ।
ডুৰাণ্ড কাপত অঘটন…

