Site icon Guwahati Times

এবটল তেজৰ অভাৱতে মৃত্যু হ’ল দেৱেন দত্তৰ!

এবটল তেজৰ অভাৱতে মৃত্যু হ’ল দেৱেন দত্তৰ! নিশা ব্লাড বেংকত তেজ বিচাৰি হাহাকাৰ কৰিছিল কেয়াৰ টেকাৰে…

যোৱা নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস কৰে অসমীয়া ভাষা–সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক দেৱেন দত্তই। কিন্তু এবটল তেজৰ অভাৱত দেৱেন দত্তৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে তেওঁৰ কেয়াৰ টেকাৰে।

দেৱেন দত্তৰ কেয়াৰ টেকাৰগৰাকীয়ে জানিবলৈ দিয়া মতে, এবটল তেজৰ অভাৱতে মৃত্যু হ’ল দেৱেন দত্তৰ। নিশা ব্লাড বেংকত তেজ বিচাৰি হাহাকাৰ কৰিছিল কেয়াৰ টেকাৰজনে। এটা ইউনিট জমা দিয়াৰ পিছতো নাপালে প্ৰয়োজনীয় তেজ। বৃহস্পতিবাৰে দিনতো তেজ বিচাৰিছিল চিকিৎসকে। কিন্তু নিশা ৯ বজাতহে দেৱেন দত্তক দিবলৈ পালে তেজ। ১২ ঘণ্টাৰ পিছত তেজ পালে যদিও কামত নাহিল।

Exit mobile version