Site icon Guwahati Times

কেৰালাত নাগালেণ্ডৰ মহিলাক ‘যৌন নিৰ্যাতন’

উত্তৰ-পূব ৰাজ্য নাগালেণ্ডৰ পৰা যোৱা এগৰাকী মহিলাক কেৰালাত মটৰ চাইকেল চলোৱা এজন দুৰ্বৃত্তই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰমৰ থুম্বা অঞ্চলত দেওবাৰে (২০ আগষ্ট) নিশা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰি কেৰালা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

নাগালেণ্ডৰ মহিলাগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

কেৰালাৰ তিৰুৱনন্তপুৰমৰ মেনামকুলাম অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা ব্যক্তিজন অনিশ বুলি জানিব পৰা গৈছে।

Exit mobile version