Site icon Guwahati Times

বৃহস্পতিবাৰে মলামডিঙ ৰেলৱে ষ্টেচনত বহু লক্ষাধিক বাৰ্মিজ চুপাৰি জব্দ

ৰাজ্যত এতিয়াও অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া বেহা।বৃহস্পতিবাৰে মলামডিঙ ৰেলৱে ষ্টেচনত বহু লক্ষাধিক বাৰ্মিজ চুপাৰি জব্দ লামডিঙ আৰ পি এফৰ। CIB দল আৰু ৰেল আৰক্ষীৰ যৌথ অভিযানত চুপাৰিখিনি জব্দ কৰে। লামডিঙ আৰ পি এফৰ C I B বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া নন্দেশ্বৰ দাসৰ নেতৃত্বত চলিছিল এই অভিযান। লামডিঙ ৰেল আৰক্ষীয়ে আগৰতলা শিয়ালদা কাঞ্চনজংঘা এক্সপ্ৰেছ ট্ৰেইনখনৰ লিজত থকা নং CR / 031850 পাৰ্চেল ভেন ডবাৰ পৰা প্ৰায় ১৮০ বস্তা চুপাৰি জব্দ কৰে। জব্দ কৃত বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য আনুমানিক ৫০ লাখ টকা হ’ব বুলি জানিব দিয়ে।

Exit mobile version