Site icon Guwahati Times

সৰস্বতী নয়ন মিলন ডান্স একাডেমীৰ Grand Star North East 2023(season 2) আয়োজন

নাজিৰাৰ শিমলুগুৰিত আগশাৰীৰ নৃত্য প্ৰশিক্ষণ প্ৰতিষ্ঠান সৰস্বতী নয়ন মিলন ডান্স একাডেমীৰ উদ্যোগত আজি নাজিৰাৰ শিমলুগুৰি নাট্য মন্দিৰত Grand Star North East 2023 season 2ৰ নৃত্য আৰু বিউটি কনটেষ্ট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা খনিত বিচাৰক হিচাপে অংশগ্ৰহণ কৰে অসমৰ জনপ্ৰিয় নৃত্য পৰিচালক অসীম গগৈয়ে । প্ৰতিযোগিতা খনিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি অংশগ্ৰহণ কৰি যথেষ্ট উৎসাহিত হৈ পৰে প্ৰতিযোগীসকল। সৰস্বতী নয়ন মিলন ডান্স একাডেমীৰ পৰিচালক দীপেশ গগৈয়ে কন কন শিশুসকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এনেধৰনৰ মঞ্চ দিয়াৰ প্ৰয়াসক প্ৰশংসা কৰিছে নাজিৰাৰ সংস্কৃতি প্ৰেমী ৰাইজে।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

Exit mobile version