Site icon Guwahati Times

গৰমত কিমান পানী খাব লাগে

Take breaks when you need to replenish your energy

অতিপাত গৰমত এজন লোকে কিমান পৰিমাণৰ পানী খোৱা উচিত? পৰ্যাপ্ত পৰিমাণে পানী নাখালে দেহৰ বাবে সমস্যা হ’ব পাৰে৷ গৰমৰ দিনত কিমান পৰিমাণৰ পানী খাব লাগে জানো আহকচোন৷

পুষ্টিবিশেষজ্ঞ কোয়েল পাল চৌধুৰীৰ মতে পানী শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয়৷ ইয়াৰ কামৰ শেষ নাই৷ তেজ প্ৰস্তুত কৰাকে ধৰি শৰীৰৰ একাধিক গুৰুত্বপূৰ্ণ কাম কৰে পানীয়ে৷ তদুপৰি পানীয়ে আমাৰ শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে, হজমত সহায় কৰে, মেটাবলিজম বা বিপাক ক্ৰিয়াক ত্বৰান্বিত কৰে৷ লগতে পানী সেৱনৰ অভ্যাসে অস্থিসন্ধি পিছল কৰি ৰখাত সহায় কৰাৰ লগতে দেহৰ পৰা বেয়া পদাৰ্থসমূহ উলিয়াই দিয়ে৷ সেয়ে পানীক প্ৰাণ বুলি কোৱা হয়৷ গতিকে কিছু সময়ৰ অন্তৰে অন্তৰে পানী খোৱা উচিত৷ বিশেষকৈ, গৰমত পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰা উচিত৷

⬛অত্যধিক গৰমত কিমান পানী খোৱা উচিত?

এজন লোকে কিমান পৰিমাণৰ পানী খাব লাগে সেয়া নিৰ্ভৰ কৰে তেওঁৰ বৃত্তি, ওজন, উচ্ছতা আদিৰ ওপৰত৷ সাধাৰণতে এজন প্ৰাপ্তবয়স্কৰ পুৰুষ বা মহিলাই দৈনিক ৩১পৰা ৪ লিটাৰ পানী খোৱা উচিত৷ তেতিয়াহে গৰমত শৰীৰটোক সুস্থ কৰি ৰাখিব পাৰিব৷ অন্যথা, বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ দেহত পানীৰ পৰিমাণ কমিলে প্ৰাণহানিৰ আশংকা পৰ্যন্ত হ’ব পাৰে৷

⬛ঘৰৰ বাহিৰত থাকিলেও পানী খোৱাৰ পৰিমাণ বঢ়াওক৷ আপুনি যদি বেছি সময় ঘৰৰ বাহিৰত থাকে তেন্তে পানী খোৱাৰ মাত্ৰা বঢ়াওক৷ লগত পানীৰ বটল ৰখা কৰক৷ যেতিয়াই পিয়াহ লাগে পানী খাওক৷ ডিঙি বা জিভা শুকাই যোৱালৈকে অপেক্ষা নকৰিব৷ দুপৰীয়া পৰাপক্ষত বাহিৰলৈ নোলাব৷ যদি একান্তই বাহিৰলৈ ওলাব লগা হয়, তেন্তে লগত টুপী বা ছাতি লওক৷ যিসকলৰ এ চিত থকা অভ্যাস, তেওঁলোকেও নিয়মিত ডিঙি তিয়াই ৰাখিব৷ তেতিয়াহে শৰীৰটো হাইড্ৰেট হৈ থাকিব৷

⬛পানীৰ বিকল্প কি?

অত্যধিক গৰমত ডাবৰ পানী খাব পাৰে৷ ডাবৰ পানীয়ে শৰীৰৰ পি এইচ বেলেন্স ঠিক ৰাখে৷ তদুপৰি ঘৰতে ফল-মূলৰ জুচ প্ৰস্তুত কৰি খাব পাৰে৷ ইয়াৰ পৰা ভিটামিন, মিনাৰেল, এণ্টি-অক্সিডেণ্ট পোৱা যায়৷ লগতে তৃষ্ণাও দূৰ হয়৷ পিছে, বজাৰৰ পৰা ফলৰ জুচ কিনি নাখাব৷ পেকেটত থকা জুচো খোৱাটো উচিত নহয়৷ এনে জুচত ছুগাৰ মিহলোৱা থাকে৷ যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ গৰমত চাহ বা কফি কমকৈ খোৱা কৰক৷

⬛কিডনীৰ সমস্যা থকাসকলে পানী নিয়ম মানি খোৱা কৰিব৷ ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল’ব৷ একেদৰে হৃদৰোগত আক্ৰান্তসকলেও চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে পানী খোৱা কৰিব৷

Exit mobile version