Site icon Guwahati Times

চৰাইবাহী-বাৰপূজীয়াত দিনযোৰা কাৰ্যসূচীৰে ‘৪২ৰ শ্বহীদ তিলক ডেকাক স্মৰণ

নিউজ ব্যুৰ’,নগাঁও,২৮ আগষ্ট:- ১৯৪২ৰ স্বাধীনতা আন্দোলনৰ সময়ত ২৮ আগষ্টত ব্ৰিটিছৰ চিপাহীৰ গুলীত প্ৰাণ বলিদান দিয়া শ্বহীদ তিলক ডেকাক শ্বহীদ গৰাকীৰ জন্মস্থান চৰাইবাহীত সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে চৰাইবাহীবাসীয়ে স্মৃতিচাৰণ কৰে । চৰাইবাহী আঞ্চলিক স্মৃতি দিৱস উদযাপন সমিতি,চৰাইবাহী শাখা সাহিত্য সভা আৰু লুইত নাট্য গোষ্ঠীৰ যুটীয়া উদ্যোগত চৰাইবাহীত উদযাপিত দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা বীৰ তিলক ডেকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বালন কৰে বিশিষ্ট সমাজসেৱক ধীসিং ডেকাই ৷ ইয়াৰ পিছতে শ্বহীদ তৰ্পণ আৰু মাল্যাৰ্পণ কৰে ক্ৰমে বিশিষ্ট শিল্পী কমল বৰদলৈ আৰু চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য ভাগ্যৰাম নাথে ৷ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে শ্বহীদ পৰিয়ালৰ সতিসন্ততি সন্থাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি তথা চৰাইবাহীৰ ৰজা মিলন ৰাজকুমাৰে ৷ ইয়াৰ পাছতে শ্বহীদ তিলক ডেকা স্মৃতি ভৱনত ছাত্ৰ-ছাত্ৰীৰ মাজত “স্বাধীনতা আন্দোলনত ‘৪২ৰ শ্বহীদ তিলক ডেকাৰ ভূমিকা” শীৰ্ষক এখনি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয় । এই প্ৰতিযোগিতাখনি পৰিচালনা কৰে চৰাইবাহী মহাবিদ্যালয়ৰ প্ৰবক্তা প্ৰগতি প্ৰসাদ বৰা আৰু চৰাইবাহী অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষক গিৰীন্দ্ৰ খাটনিয়াৰে ৷ ইয়াৰ পিছতে অসমীয়া ভাষাৰ শুদ্ধ বানান লিখা আৰু আখৰ জোঁটনিৰ বিষয়ত এখনি কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত সমল ব্যক্তি হিচাপে অসম সাহিত্য সভাৰ ৰাজ্যভাষা-মাতৃভাষা উপ সমিতিৰ কাৰ্যকৰী সভাপতি জয়ন্ত মাধৱ বৰা উপস্থিত থাকে । দুপৰীয়া ১ বজাৰ পৰা চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমল চন্দ্ৰ নাথৰ সঞ্চালনাত এখনি কবি সন্মিলন অনুষ্ঠিত হয় । চৰাইবাহী শাখা সাহিত্য সভাৰ সম্পাদক মানস নাথ আৰু পত্ৰিকা সম্পাদক যশোৱন্ত নাথে আঁত ধৰা অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ড° অচ্যুত কুমাৰ দাসে ৷ প্ৰায় একুৰিৰো অধিক কবিয়ে কবিতা পাঠ কৰা অনুষ্ঠানটিত আলোচক হিচাপে উপস্থিত থাকি কবিতা সমূহৰ ওপৰত আলোচনা আগবঢ়াই মৰিগাঁও জিলা সাহিত্য সভাৰ কবিতা উপ সমিতিৰ সভানেত্ৰী স্মৃতিৰেখা গোঁহাইয়ে ৷ উল্লেখ্য যে কবিতা পাঠ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে মৰিগাঁও জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক কুশল বৰা,জিলা সাহিত্য সভাৰ কবিতা উপ সমিতিৰ সম্পাদক নৱৰাজন,বিশিষ্ট কবি কল্পতৰু চৌধুৰী,চৰাইবাহী মহাবিদ্যালয় অধ্যাপিকা ড° নাজমা বেগম আৰু চৰাইবাহী শাখা সাহিত্য সভাৰ সভাপতি জিতুমনি বৰদলৈ উপস্থিত থাকে ।ষ্মৰ্তব্য যে অবিভক্ত নগাঁও জিলাৰ চৰাইবাহীৰ যুৱক তিলক ডেকা ‘৪২ৰ স্বাধীনতা আন্দোলনৰ ২৮ আগষ্ট নিশা বাৰপূজীয়াত পহৰা দি থকা অৱস্থাতে ব্ৰিটিছৰ চিপাহীয়ে গুলীয়াই নিহত কৰিছিল । ইপিনে এই গৰাকী বীৰ শ্বহীদক সোমবাৰে বাৰপূজীয়া অঞ্চলটো স্মৰণ কৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version