Site icon Guwahati Times

নগাঁৱৰ বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ GMCHত চিকিৎসাধীন

নিউজ ব্যুৰ’,নগাঁও,২৮আগষ্ট:–মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লীলাভূমি বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী ৰবিবাৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে । সত্ৰাধিকাৰৰ উপৰি একেধাৰে গায়ন বায়ন,ভাওনাৰ সুদক্ষ অভিনেতা,সুবক্তা,নিপুন শিল্পীগৰাকী বিগত কেইমাহ মানৰ পৰা পিত্তথলী (গ’ল ব্লাডাৰ ষ্ট’ন)ৰ ৰোগত আক্ৰান্ত হৈ আছে । তাৰ মাজতে যোৱা সপ্তাহৰ পৰা তেখেত ৰক্তহীনতাতটো ভূগিছে । যাৰ পৰিপেক্ষিত যোৱা ৰবিবাৰে সত্ৰাধিকাৰ দেৱ গোস্বামীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান চিকিৎসা মহাবিদ্যালয়ৰ অভিজ্ঞ চিকিৎসকৰ তত্বাৱধানত তেখেতৰ চিকিৎসা চলি আছে আৰু তেখেত কিছু পৰিমাণে সুস্থ হৈ উঠিছে বুলি পৰিয়ালৰ পৰা জানিব পৰা গৈছে । উল্লেখ্য যে সত্ৰাধিকাৰগৰাকীয়ে বিগত দহ বছৰ ধৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নাম ধৰ্মৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে নিৰলস প্ৰচেষ্টাৰে যাত্ৰা অব্যাহত ৰাখিছে । সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ বটদ্ৰৱা থানৰ ভক্ত-বৈষ্ণৱে আশু আৰোগ্য কামনা কৰিছে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version