Site icon Guwahati Times

নিজৰ পত্নীক লাঠিৰে মৰিয়াই, গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি দেহৰ বিভিন্ন অংগত আঘাত…..

পোহৰলৈ আহিছে এগৰাকী শিক্ষকৰ বৰ্বৰ অত্যাচাৰৰ কাহিনী।

অৱশ্যে ছাত্ৰ-ছাত্ৰীক নহয়। নিজৰ পত্নীক লাঠিৰে মৰিয়াই, গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি দেহৰ বিভিন্ন অংগত আঘাত কৰিছে লম্পট শিক্ষক সাৰংগধৰ ৰাজাই। স্বামীৰ প্ৰহাৰত পত্নীয়ে ভালদৰে খোজকাঢ়িব নোৱাৰা অৱস্থা হৈ পৰিছে।

লংকাৰ বামুনগাঁও ২ নং পিপলপুখুৰীত সংঘটিত হৈছে এই ঘটনা। শিক্ষকজনে পাৰিবাৰিক কথাক লৈ দেওবাৰে দুপৰীয়া পত্নীক উৰ্পযুপৰি প্ৰহাৰ কৰে।

বিবাহৰ দিন ধৰি পত্নীক শাৰিৰীক আৰু মানসিক অত্যাচাৰ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে এই সন্দৰ্ভত পত্নীয়ে লংকা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

উল্লেখ্য যে, শিক্ষকৰ বৃত্তিৰ লগতে সাৰংগধৰ  ৰাজা বিভিন্ন সামাজিক অনুষ্ঠানৰে জড়িত ব্যক্তি। একেদৰে পত্নীও এগৰাকী প্ৰতিষ্ঠিত কবি। যাৰ বাবে স্বাভাৱিকতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

Exit mobile version