Site icon Guwahati Times

মেধাৱী ছাত্ৰী ময়ুৰী দেৱীৰ অকাল মৃত্যুত জামুগুৰিত শোকৰ ছাঁ

 নগাওঁ জিলাৰ বেবেজীয়া সমীপৰ মাজ জামুগুৰি নিবাসী প্ৰয়াত ৰবিৰাম নাথ আৰু শিক্ষয়ত্ৰী চাৰু দেৱীৰ একমাত্ৰ কন্যা মেধাৱী ছাত্ৰী ময়ুৰী দেৱী (১৬)য়ে মৃত্যুক আঁকোৱালি লোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। সোমবাৰে বিয়লি নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুৰ হয় ময়ুৰীৰ।

উল্লেখ্য যে বিগত সপ্তাহত দাঁতৰ চিকিৎসা গ্ৰহণ কৰা পিছতে অসুস্থ হৈ পৰে ময়ুৰী। মেটিক্স কণিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ছাত্ৰী আছিল ময়ুৰী দেৱী। ছাত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে গাওঁখনত শোকৰ ছাঁ পৰে।

মেধাৱী ছাত্ৰী মুয়ুৰীৰ মৃত্যুত বিদ্যালয়খনৰ লগতে ডাক্তৰ জয় প্ৰকাশ নাথ, শিক্ষক অনুপম দাস, শিক্ষক প্ৰাণজিত ভূঞাৰ তথা বুঢ়া নামঘৰৰ সমীপৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে ।

Exit mobile version