Site icon Guwahati Times

পুনৰ এবাৰ পত্নীৰ অবৈধ প্ৰেমেই কাল হ’ল স্বামীৰ বাবে..

বাক্সা জিলাৰ বৰমাৰ মাধপুৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। পত্নীৰ পৰকীয়া প্ৰেমৰ বাবেই সঞ্জয় কলিতা নামৰ লোকজনৰ মৃত্যু হোৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে। পত্নী চণ্ডিতা কলিতাৰ নিৰ্মম অত্যাচাৰ সহিব নোৱাৰাৰ ফলতে সংঘটিত হয় এই ঘটনা। এই অভিযোগ উত্থাপন কৰিছে মৃত সঞ্জয় কলিতাৰ পিতৃ মাতৃৰ লগতে গাঁওবাসীও।

জানিব পৰা মতে, মৃত সঞ্জয় কলিতাৰ পত্নী চণ্ডিতা কলিতাই দীৰ্ঘদিন ধৰি গাঁৱৰে এজন যুৱকৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল। ইয়াকে লৈ দুই স্বামী–স্ত্ৰীৰ মাজত প্ৰায়ে সংঘাতৰ সৃষ্টি হৈছিল সংঘাতৰ। অভিযোগ অনুসৰি, পত্নী চণ্ডিতা কলিতাই কাজিয়াৰ গইনা লৈ দুই সন্তানৰ সৈতে লগ লাগি সঞ্জয় কলিতাক শাৰীৰিক নিৰ্যাতন চলাই আহিছিল। তাৰ পৰিণতিতে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল সঞ্জয় কলিতা।

কিন্তু মঙলবাৰে পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ মৃত্যুক আঁকোৱালি লয় সঞ্জয় কলিতাই। যাৰ ফলত এতিয়া মৃত সঞ্জয় কলিতাৰ পত্নীৰ বিৰুদ্ধে সৰব হৈ পৰিছে গাঁওবাসী। পত্নীৰ অত্যাচাৰতে সঞ্জয়ৰ মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি কঠোৰ শাস্তি বিচাৰিছে পৰিয়ালৰ লগতে গাঁওৱাসীয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত বৰমা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে।

Exit mobile version