Site icon Guwahati Times

পাৰ্থজিৎ বৰুৱাৰ “ব্ৰাছ ষ্ট্ৰ’ক” তথ্যচিত্ৰলৈ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা (জুৰি)

মুম্বাইৰ ৰেচিডেনচি হোটেলত ১০ ছেপ্টেম্বৰ অুনষ্ঠিত হোৱা একাদশ ইণ্ডিয়া চিনে চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাই নিৰ্মাণ কৰা “ব্ৰাছ ষ্ট্ৰ’ক” তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা (জুৰি) আজুৰি আনিবলৈ সক্ষম হৈছে। এই তথ্যচিত্ৰখনে ইতিমধ্যে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চুটি চিনেমা মহোৎসৱতো শ্ৰেষ্ঠ পৰিচালকৰ বটাঁ লাভ কৰিছিল। তথ্যচিত্ৰখন কেৰেলাৰ IDSFFK ৰ প্ৰতিযোগিতাৰ শাখালৈ নিৰ্বাচিত হৈছিল। পৰিচালক পাৰ্থজিৎ বৰুৱাই কয়ঃ” এই বটাঁয়ে মোক আৰু ভাল কাম কৰিবলৈ উৎসাহিত কৰিছে। লগতে নীলপৱন বৰুৱা ছাৰে জীৱন জুৰি কৰা শিল্প সাধনাৰ বাবে এই বঁটা তেওঁৰ নামত উচৰ্গা কৰিব বিচাৰো।”

Exit mobile version