Site icon Guwahati Times

মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লোৱা মহিলালৈ আদালতে জাৰি কৰিছে চমন

অসমৰ বিভিন্ন জিলাৰ লগতে তিনিচুকীয়া জিলাৰ ছৈখোৱাত মাইক্ৰ’ফাইনেঞ্চৰ ঋণী মহিলাই একগোট হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঋণ ৰেহাই দিবৰ বাবে আহ্বান জনায় ৷ ঋণী মহিলাসকলে সংবাদ মাধ্যমৰ আগত কয়, “আমাক ঋণ ৰেহাই দিয়ক । আপুনি আমাক যি ধৰণে প্ৰতিশ্ৰুতি দিছিল, আমি কিন্তু আজিও ঋণ ৰেহাই নাপালো ৷”

আনহাতে, গোটৰ সদস্যসকলক 25 হাজাৰ টকা দিয়াৰ কথা ঘোষণাৰ পিছতো চৰকাৰীভাৱে ফুটাকৰিও নোপোৱাৰ অভিযোগ আনিছে ছৈখোৱা উন্নয়ন খণ্ডল অন্তৰ্গত কেবাখনো গাঁৱৰ মহিলাই । পুনৰ মুখ্যমন্ত্ৰীগৰাকীক মনত পেলাই দিছো আপুনি দিয়া প্ৰতিশ্ৰুতিৰ কথা ৷ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লোৱা মহিলাই আদালতৰ চমন পোৱাৰ পিছত মুখ্যমন্ত্ৰীক হাতযোৰ কৰি আহ্বান জনালে ছৈখোৱাৰ মহিলাসকল ৷

উল্লেখ্য যে, মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লোৱা মহিলালৈ আদালতে চমন জাৰি কৰিছে ৷ ছৈখোৱাৰ ঋণী মহিলাক আদালতে জাৰি কৰিছে জাননী ৷ ঋণী মহিলাৰ ঋণ মাফ কৰি দিয়াৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Exit mobile version