Site icon Guwahati Times

এইসমূহ খাদ্যত মাংসতকৈও বেছিকৈ থাকে আয়ৰন, জানো আহক

পুৰুষেই হওক বা মহিলা, আয়ৰন সকলোৰে বাবে গুৰুত্বপূর্ণ। সু-স্বাস্থ্য বৰ্তাই ৰাখিবলৈ আয়ৰনৰ মাত্ৰা সঠিক ৰাখিব লাগিব। আয়ৰনৰ মাত্ৰা কমিলেই স্বাস্থ্যৰ সমস্যা আৰম্ভ হ’বলৈ ধৰে। সেয়ে

আয়নৰ মাত্ৰা সঠিক ৰাখিবলৈ এইবোৰ খাদ্য খাব পাৰে—

পালেং শাক : প্ৰ’টিন ভিটামিন-এ, ভিটামিন-চি আৰু এন্টিঅক্সিডেন্ট উপাদানযুক্ত পালেং শাকত প্ৰচুৰ পৰিমাণে আয়ৰন থাকে। এশ গ্রাম পালেং শাকৰ পৰা ২.৭ মিঃগ্রাঃ আয়ৰণ পোৱা যায়। সেয়ে বিশেষজ্ঞসকলে চালাড হিচাপে বাবে কম তেলত ৰন্ধা পালেং খাবলৈ পৰামৰ্শ আগবঢ়ায়।

বাদাম: শৰীৰত আয়ৰনৰ অভাৱ পূৰণ কৰাৰ ক্ষেত্ৰত বাদাম তথা সেউজীয়া পাচলিৰ বীজ অতি কাৰ্যকৰী। কোমোৰাৰ বীজৰ পৰা প্ৰচুৰ পৰিমাণে আয়ৰন পোৱা যায়। তদুপৰি কাজু বাদাম, আমণ্ড আদিৰ পৰা আয়ৰন পোৱা যায়। কাজ আৰু আমণ্ডত আয়ৰনৰ বাহিৰেও প্ৰ’টিন, ফাইবাৰ, ভিটামিন আৰু এন্টিঅক্সিডেন্ট থাকে।

মাশ্বৰুম : মাশ্বৰুমত ভিটামিন-ডি আৰু ভিটামিন- বি থাকে। তদুপৰি মাশ্বৰুমে হতাশা আঁতৰ কৰাৰ লগতে মানসিক শক্তি বজাই ৰখাত সহায় কৰে। কেঁচা আৰু শুকান দুয়োবিধ মাশ্বৰুমে স্বাস্থ্যৰ বাবে উপকাৰী।

বিনঃ হৃদৰোগ, কেন্সাৰ, ডায়েবেটিছ আদিৰ ক্ষেত্ৰত বিন খুবেই উপকাৰী। কিডনী বিন্‌ছে কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে।

ওটছ : বহুতে ভোকত ওটছ খোৱা কৰে। ওটছে এনার্জি বঢ়োৱাৰ লগতে আয়ৰনৰ অভাৱ দূৰ কৰাত সহায় কৰে।

ডার্ক চকলেট : ডার্ক চকলেটৰ উপকাৰী গুণ বহুত। আয়ৰন আৰু এণ্টিঅক্সিডেন্ট সমৃদ্ধ ডার্ক চকলেটে উচ্চ ৰক্তচাপ হ্রাস কৰাৰ লগতে এনার্জি বঢ়ায়। তদুপৰি ই ছাল সতেজ কৰি ৰখাত সহায় কৰে।

Exit mobile version