Site icon Guwahati Times

অস্বাভাৱিক হাৰত থলুৱা মাছৰ মৃত্যু, বিলত মৰি উপঙিছে হাজাৰ হাজাৰ থলুৱা মাছ

কুহিঁ,বৰালী,পুঠি,খলিহনা গৰৈ,না’ৰ,কাৱৈ,আদি মাছ মৰি এফালৰ পৰা উপঙি গৈছে। একাংশৰ মতে বন্ধন পানীত বিলখনৰ পানী দুষিত হৈ মৃত্যু হৈছে মাছৰ। থলুৱা মাছৰ অস্বাভাৱিক মৃত্যুত চিন্তিত স্থানীয় গঞাঁ।
বাতৰিৰ পাছতেই কাকৰিকতা বিলত উপস্থিত হৈছে মীন বিভাগৰ লোক। উপস্থিত হৈ দূষিত পানীৰ বিজ্ঞানসন্মত পৰীক্ষা কৰে বিভাগীয় লোকে। পানীত মাছ জীয়াই থাকিবৰ বাবে উপযুক্ত নহয় বুলি মন্তব্য কৰে বিভাগীয় লোকে।
মৃত মাছ সমূহ পানীৰ পৰা তুলি পুতি দিবলৈ বিল খনৰ লেছিক নিৰ্দেশ দিছে মাজুলীৰ মীন বিভাগে। মাছৰ গেলা গোন্ধত থাকিব পৰা নাই স্থানীয় গঞাঁ।
প্ৰচণ্ড গৰমত পানী দুষিত হৈছে অন্যান্য বিলসমূহতো মৃত্যু হোৱাৰ সম্ভাৱনা দেখা গৈছে।

Exit mobile version