Site icon Guwahati Times

ৰঙিয়া ধুলাবড়ীত ট্ৰেইনৰ আগত পৰি মহিলাৰ মৃত্যু

ৰঙিয়া ধুলাবড়ীত ট্ৰেইনৰ আগত পৰি মহিলাৰ মৃত্যু

ৰবিবাৰে নিশা এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয় ৰঙিয়াৰ সমীপৰ ধুলাবাড়িত

ছাগলী আনিবলৈ গৈ ৰেলৰ খুন্দাত এগৰাকী মহিলাৰ কৰুণ মৃত্যু হয় ।

মৃত মহিলাগৰাকীৰ নাম খাদিজা বেগম ।

ঘটনা অনুসৰি ৰবিবাৰে সন্ধিয়া ৫:৩০ মান বজাত ৰেল লাইনত লাগি থকা ছাগলী আনিবলৈ যাওতে গোৰেশ্বৰ দিশৰ পৰা ৰঙিয়া অভিমূখে গৈ থকা পেচেঞ্জাৰ গাড়ীখনৰ খুন্দাত মহিলাগৰাকীৰ লগতে তিনিটাকৈ ছাগলীৰ মৃত্যু হয় ।

উক্ত ঘটনাক লৈ অঞ্চলজুৰি এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে ।

Exit mobile version