“স্কুটী দিছে, মানুহবোৰক ফ্ৰী চাউল দিছে, হিতাধিকাৰী ৰাজনীতি-বহুতৰ মতে অসমত হিতাধিকাৰী ৰাজনীতি অধিক হৈছে বা এইবোৰ একেবাৰে বন্ধ হ’ব লাগে। মইও বিচাৰো যে মানুহে খেতি কৰক আৰু বিনামূল্যে চাউল লাভ কৰাৰ বিপৰীতে কষ্ট কৰি চাউল উৎপাদন কৰক। ঠিক একেদৰে চৰকাৰে ফ্ৰী টকা দিয়াতকৈ মানুহে টকা আৰ্জন কৰিবলৈ শিকক। অন্যথা মানুহবোৰ আৰু এলেহুৱা হ’ব। এতিয়া গাঁৱত এজন ভাল হাজিৰা কৰা মানুহ বিচাৰি পাবলৈ টান। উচিত মূল্য দিব বিচাৰিলেও মানুহে জেওৰা-জপনা দিয়া বা খেতিৰ কাম বা বাৰীখন চাফা কৰিবলৈ এলাহ কৰে। আগৰ গাঁৱৰ কৰ্মঠ মানুহবোৰৰ পৰিৱৰ্তে এতিয়া ফ্ৰী বিচৰা মানসিকতাৰ এলেহুৱা এচাম গঢ়ি উঠিছে। কিন্তু সমান্তৰালভাৱে স্কুটী দিয়াতো একপ্ৰকাৰৰ ভালকৈ পঢ়া শুনাৰ বাবে উদগণি দিয়া। আৰু যাতায়তৰ ভাল সুবিধা নথকা বা দূৰৈত শিক্ষানুষ্ঠান থকা ছাত্ৰী স্কুটীৰ দ্বাৰা উপকৃত হৈছে। একেদৰে এটা লেপটপ আজিৰ সময়ত অতি প্ৰাসংগিক আৰু প্ৰয়োজনীয়। কিন্তু মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ ফলত অসমৰ অৰ্থনীতি বহু দুৰ্বল হৈ পৰিল।
কিন্তু হিতাধিকাৰী ভাৰতৰ ৰাজনীতিৰ বাস্তৱ ছবি। যি দলেই নহওঁক, দিল্লী-মধ্যপ্ৰদেশ, কৰ্ণাটকৰ ইত্যাদিত সকলোতে হিতাধিকাৰী ৰাজনীতিয়ে ব্যাপক প্ৰভাৱ পেলাইছে। কংগ্ৰেছী কৰ্ণাটকত চৰকাৰী সাহাৰ্যপ্ৰাপ্ত ঘৰ বা পানী যোগান বা গেছ সংযোগকৰণৰ পৰিমাণো অধিক। আমাৰ দেশত ৩০ শতাংশতকৈ অধিক দৰিদ্ৰতাৰ হাৰৰ তলত থকা বৃহৎ জনসংখ্যাটোৰ বাবেই এই ৰাজনীতি, স্বাধীনতাৰ সময়ত দেশৰ দৰিদ্ৰতাৰ হাৰ আছিল ৭০ শতাংশ, যোৱা দুটামান দশকত আগতকৈ বহু কমিল। দেশ শাসনৰ আটাইতকৈ চেলেন্জ দৰিদ্ৰতাৰ হাৰ কম কৰাটো। অসমত বৃহৎ সংখ্যকে অৰুণোদয়ৰ টকাকেইটাৰ বাবে অপেক্ষা কৰি থাকে। অৰুণোদয় আঁচনিৰ ধন কিমান বাঢ়িলে সেই লৈ গাঁৱত ব্যাপক চৰ্চা হয়। ৰাজনীতিবিদসকলে এইবোৰ বিষয় লৈয়েই ৰাজনীতি কৰে। আঁচনিবোৰ মানুহে ভাল পায়। ভোটৰ সিদ্ধান্ত সামাজিক মাধ্যমৰ আক্ষেপযুক্ত বিৰাগ বা কেইজনমান ফ্ৰাষ্টেটেড মানুহৰ অমাৰ্জিত গালিয়ে নিৰ্ণয় নকৰে। পৰিৱৰ্তন বিচাৰিলে মানুহৰ লগত থাকি ৰাজনীতি কৰিব লাগিব। চছিয়েল মেডিয়াই ৰাজনীতি, সিদ্ধান্ত একেবাৰেই নিৰ্ণয় নকৰে। হিতাধিকাৰীৰ সুফলো আছে। আঁচনিৰ ধন স্থানীয় বজাৰতে প্ৰয়োগ হয়। ইয়াৰ জৰিয়তে স্থানীয় অৰ্থনীতি প্ৰৱাহিত হয়। তাৰ মাজত এইবোৰ বন্ধ কৰি দিয়ক বুলি ক’বলৈ সহজ কিন্তু কোনো দলেই যে বন্ধ নকৰে সেইটো নিশ্চিত আৰু বাস্তৱ।তাৰ মাজতে অসমীয়া ৰাইজক কেনেকৈ কৰ্মমুখী কৰিব চৰকাৰে পৰিকল্পনা কৰক, জাতিটোৰ ভৱিষ্যতৰ বাবে কিছু সিদ্ধান্ত লওঁক।

