Site icon Guwahati Times

‘অৰুণাচল প্ৰদেশ আমাৰ অংশ আছিল, আছে আৰু থাকিব!’-চীনক প্ৰত্যুত্তৰ ভাৰতৰ

এছিয়ান গেমছত তিনি ভাৰতীয় ক্ৰীড়াবিদক ভিছা নিদিলে বেইজিঙে। এই তিনিওজন খেলুৱৈ অৰুণাচল প্ৰদেশৰ। বিষয়টো পোহৰলৈ অহাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে। ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে জনাইছে, চীন কৰ্তৃপক্ষই পূৰ্বপৰিকল্পিতভাৱে অৰুণাচল প্ৰদেশৰ কিছুমান ভাৰতীয় খেলুৱৈক এছিয়ান গেমছলৈ যোৱাত বাধা দিছে। বৈষম্য কৰা হৈছে।

তেওঁ কয়, ‘‘অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংশ আছিল, আছে আৰু থাকিব। আমাৰ কিছু খেলুৱৈক চীনে ইচ্ছাকৃতভাৱে বঞ্চিত কৰাক লৈ নতুন দিল্লী আৰু বেইজিঙততীব্ৰ প্ৰতিবাদ জনোৱা হৈছে। আমাৰ দীৰ্ঘস্থায়ী আৰু ধাৰাবাহিক অৱস্থানৰ সৈতে সামঞ্জস়্য ৰাখি, ভাৰতীয় নাগৰিকৰ প্ৰতি বৈষ্যমমূলক আচৰণক দৃঢ়ভাৱে প্ৰত্যাখ্যান কৰিছো আমি। অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংশ আছিল আছে আৰু থাকিব।’’

Exit mobile version