Site icon Guwahati Times

জম্মু-কাশ্মীৰ আৰু লাডাখ সম্পৰ্কীয় বিষয়বোৰ “সম্পূৰ্ণ আভ্যন্তৰীণ” -পাকিস্তানৰ বিৰুদ্ধে সক্ৰিয় মন্তব্য ভাৰতৰ

জম্মু-কাশ্মীৰ আৰু লাডাখ সম্পৰ্কীয় বিষয়ত মন্তব্য প্ৰকাশ কৰিছে ভাৰতে। এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ভাৰতে কয় যে, জম্মু-কাশ্মীৰ আৰু লাডাখ সম্পৰ্কীয় বিষয়বোৰ “সম্পূৰ্ণ আভ্যন্তৰীণ” আৰু পাকিস্তানে ভাৰতৰ ঘৰুৱা বিষয়ত মন্তব্য দিব নোৱাৰে।

উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৮ তম অধিৱেশনত পাকিস্তানৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী আনৱাৰুল হক কাকাৰে কাশ্মীৰ বোগী সন্দৰ্ভত উত্থাপন কৰা মন্তব্যৰ এদিন পিছতে প্ৰত্যুত্তৰত এই মন্তব্য কৰে ভাৰতে। বিগত কিছু দিনৰ পৰা পাকিস্তানে বৃদ্ধি কৰা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কথা উল্লেখ কৰি ভাৰতে এই ক্ষেত্ৰত পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়ে।

পাকিস্তানে সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি তথা কাৰ্যকলাপ তৎক্ষণাৎ বন্ধ কৰিব লাগিব বুলি কৈ ভাৰতে দক্ষিণ এছিয়াৰ শান্তিৰ বাবে চুবুৰীয়াৰ তিনিটা পদক্ষেপ তালিকাভুক্ত কৰাৰ কথাও ব্যক্ত কৰে। এই সন্দৰ্ভত ভাৰতে জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ ভাৰতৰ এক অবিচ্ছেদ্য অংগ; জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগত সম্পৰ্কিত বিষয়বোৰ ভাৰতৰ সম্পূৰ্ণ আভ্যন্তৰীণ বুলি মত প্ৰকাশ কৰে। লগতে ঘৰুৱা বিষয়ত মন্তব্য দিবলৈ পাকিস্তানৰ অধিকাৰ নাই বুলি স্পষ্টকৈ মত পোষণ কৰে।

ভাৰতৰ এই মন্তব্যই দেশৰ স্থিতি স্পষ্ট কৰাৰ লগতে ভাৰতৰ দৃঢ়তাক বিশ্ববাসীৰ আগত প্ৰতিষ্ঠা কৰিছে।

Exit mobile version