দোতমা হৈ গোসাঁইগাঁও-কোকৰাঝাৰ সংলগ্ন গড়কাপ্তানী পথৰ ভাওৰাগুৰীত গুৰুফেলা নদীৰ ওপৰত থকা দলংখনৰ মাজ ভাগত বৃহৎ আকাৰৰ খালৰ সৃষ্টি হৈছে।প্ৰতিদিনে শ-শ যানবাহন,সহস্ৰাধিক ছাত্র ছাত্ৰী, হেজাৰ হেজাৰ লোক যাতায়ত কৰা সদা ব্যস্ত পথছোৱাৰ দলংখনত এই বৃহৎ আকাৰৰ খালটোৱে যানবাহন, ছাত্র-ছাত্ৰী,পথচাৰীসকলৰ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল।ৰাইজৰ এই সমস্যাৰ প্ৰতি লক্ষ্য কৰি অন্থাইবাৰী ভিচিডিচিৰ ইউপিপিএলৰ অধক্ষ্য আব্দুল জলিল খালে নিজৰ গাঠিৰ ধনেৰে দলংখন মেৰামতি কৰি দি ৰাইজৰ যাতায়তৰ পথ সূচল কৰি দিয়ে।অধক্ষ্য গৰাকীৰ এনে কাৰ্য্যত সচেতন মহলে সলাগ লৈছে।
নিজৰ গাঠিৰ ধনেৰে ভাওৰাগুৰী দলং মেৰামতি অন্থাইবাৰী ভিচিডিচিৰ অধক্ষ্য আব্দুল জলিল খানৰ

