Site icon Guwahati Times

জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৱিৰ্ভাব তিথি উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ আছে ৰাজ্যৰ আকাশ বতাহ

জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৱিৰ্ভাব তিথি উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ আছে ৰাজ্যৰ আকাশ বতাহ ৷ নগাঁৱৰ সত্ৰ-নামঘৰ সমূহটো দুই/তিনিদিনীয়া অনুষ্ঠিত মহাপুৰুষজনাৰ জন্ম জয়ন্তী উপলক্ষে দেওবাৰে নিশা গুৰুজনাৰ অনুপম সৃষ্টি অংকীয়া নাট- ভাওনাৰ বচন- বিলাপ- পয়াৰ- লেচাৰীয়ে মুখৰিত হৈ পৰে চৌদিশ ৷ নগাঁও পানীখাইটি কঢ়ালী গাঁৱৰ নামঘৰত দুদিনীয়াকৈ উদযাপিত গুৰুজনাৰ জন্ম জয়ন্তীত অঞ্চলৰ মহিলা সকলে দেওবাৰে নিশা পৰিৱেশন কৰে দক্ষ যজ্ঞ ভাওনা । মহিলা সকলৰ সাৱলীল অভিনয়-নৃত্যযে নিশা দৰ্শক ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে ৷ পিটনিপাৰ বাৰগঞা সমাজৰ উদ্যোগত পানীখাইটী কঢ়ালীগাঁৱৰ নামঘৰত দুদিনীয়াকৈ অনুষ্ঠিত মহাপুৰুষজনাৰ জন্মোৎসৱত অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে অংশ গ্ৰহণ কৰে ৷

Exit mobile version